ভেকচিন কি? কোভিড ভেকচিনৰ প্ৰভাৱ আমাৰ শৰীৰত কিমান দিনলৈ থাকিব?
"কোভিড ভেকচিন" সদ্যহতে বৰকৈ চর্চাত আহিছে। কিন্তু এইখিনিতে আমাৰ মনলৈ বহু প্ৰশ্ন আহে, যে ভেকচিন নো কি? ভেকচিন লগালে আমি কিমান দিনলৈ কৰোনাৰ পৰা হাত সাৰিব পাৰিম বা কোভিড ভেকচিন ৰ প্ৰভাৱ কিমান দিনলৈ থাকিব বা কোভিড ভেকচিনৰ ফলত উৎপাদিত প্ৰতিদেহ/প্ৰতিকনা (antibody) কিমান দিনলৈ আমাৰ শৰীৰত থাকিব ইত্যাদি ইত্যাদি……. গুগল ট্রেণ্ড ৰ মতে যোৱা ২০২০ বৰ্ষত গোটেই বিশ্বতে আটাইতকৈ বেছি চৰ্চাত থকা বিষয়(trending topic) কোৰোনা ভাইৰাছ বা কোভিড ১৯(Coronavirus or Covid 19) । আজি আমি উল্লিখিত প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰোঁ আহকচোন! ভেকচিন কি? কোভিড ভেকচিনৰ প্ৰভাৱ আমাৰ শৰীৰত কিমান দিনলৈ থাকিব? এই লিখনিত আপুনি পাব: ভেকচিন কি? ভেকচিন ত কি থাকে? ভেকচিন এ আমাৰ শৰীৰত কেনেকৈ ক্রিয়া কৰে? কোভিড১৯ ত প্ৰাকৃতিক ভাৱে আমি সংক্ৰমিত হোৱা আৰু ভেকচিন লোৱা কোভিড ভেকচিন লোৱাৰ কিমান দিনৰ পিছত আমাৰ শৰীৰত antibody গঠন হয়? কোভিড১৯ ৰ প্ৰতিদেহ(antibody) আমাৰ শৰীৰত কিমান দিনলৈ থাকিব? সামৰণি ভেকচিন কি? আমি প্ৰথমেই এটা কথা জানি লোৱা উচিত হ'ব যে Covid vaccines and vaccination ভেকচিন এটা ঔষধ নহয় বা ই কোনো ৰোগৰ উপচাৰ নকৰ