ভেকচিন কি? কোভিড ভেকচিনৰ প্ৰভাৱ আমাৰ শৰীৰত কিমান দিনলৈ থাকিব?

"কোভিড ভেকচিন" সদ্যহতে বৰকৈ চর্চাত আহিছে। কিন্তু এইখিনিতে আমাৰ মনলৈ বহু প্ৰশ্ন আহে, যে ভেকচিন নো কি? ভেকচিন লগালে আমি কিমান দিনলৈ কৰোনাৰ পৰা হাত সাৰিব পাৰিম বা কোভিড ভেকচিন ৰ প্ৰভাৱ কিমান দিনলৈ থাকিব বা কোভিড ভেকচিনৰ ফলত উৎপাদিত প্ৰতিদেহ/প্ৰতিকনা (antibody) কিমান দিনলৈ আমাৰ শৰীৰত থাকিব ইত্যাদি ইত্যাদি……. গুগল ট্রেণ্ড ৰ মতে যোৱা ২০২০ বৰ্ষত গোটেই বিশ্বতে আটাইতকৈ বেছি চৰ্চাত থকা বিষয়(trending topic) কোৰোনা ভাইৰাছ বা কোভিড ১৯(Coronavirus or Covid 19) । আজি আমি উল্লিখিত প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰোঁ আহকচোন!

ভেকচিন কি? কোভিড ভেকচিনৰ প্ৰভাৱ আমাৰ শৰীৰত কিমান দিনলৈ থাকিব?
ভেকচিন কি? কোভিড ভেকচিনৰ প্ৰভাৱ আমাৰ শৰীৰত কিমান দিনলৈ থাকিব?

এই লিখনিত আপুনি পাব:

  • ভেকচিন কি?
  • ভেকচিন ত কি থাকে?
  • ভেকচিন এ আমাৰ শৰীৰত কেনেকৈ ক্রিয়া কৰে?
  • কোভিড১৯ ত প্ৰাকৃতিক ভাৱে আমি সংক্ৰমিত হোৱা আৰু ভেকচিন লোৱা
  • কোভিড ভেকচিন লোৱাৰ কিমান দিনৰ পিছত আমাৰ শৰীৰত antibody গঠন হয়?
  • কোভিড১৯ ৰ প্ৰতিদেহ(antibody) আমাৰ শৰীৰত কিমান দিনলৈ থাকিব?
  • সামৰণি

ভেকচিন কি?

  আমি প্ৰথমেই এটা কথা জানি লোৱা উচিত হ'ব যে

Covid vaccines and vaccination
Covid vaccines and vaccination

ভেকচিন এটা ঔষধ নহয় বা ই কোনো ৰোগৰ উপচাৰ নকৰে, বৰঞ্চ ভেকচিন লোৱাৰ পিছত সেই নিৰ্দিষ্ট ৰোগে(যিটো ৰোগৰ বিৰুদ্ধে ইয়াক তৈয়াৰ কৰা হৈছে) আমাক আক্ৰমণ কৰিব নোৱাৰে। অৰ্থাৎ ই প্ৰতিষেধক। ইয়াক আমি নৰিয়াত পৰাৰ আগতেই লব লাগে। ই ৰোগ প্ৰতিৰোধ কৰে। অতি সাধাৰণ কথাত ক'ব গ'লে ভেকচিন হৈছে ঢাল।


ভেকচিন ত কি থাকে?

   সাধাৰণতে, যিটো ৰোগৰ বিৰূদ্ধে ইয়াক বনোৱা হয় সেই ৰোগৰ মৃত বা দুৰ্বল জীৱণু বা জীৱাণু ৰ এটা অংশৰ দ্বাৰা  বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰি ভেকচিন প্ৰস্তুত কৰা হয়। ভাৰতীয় বিজ্ঞানীয়ে বনোৱা কোভিড ভেকচিন Covaxin ত এনে মৃত কোৰোনা ভাইৰাছ আছে। এনে ধৰণৰ জীৱাণুৱে আমাৰ শৰীৰত কোনো ধৰণৰ অপকাৰ নকৰে।


ভেকচিন এ আমাৰ শৰীৰত কেনেকৈ ক্রিয়া কৰে?

   এই প্ৰশ্ন ৰ উত্তৰ বিচাৰোঁতে যথেষ্ট বহল ভাৱে বিচাৰ খোচাৰ কৰিব লগীয়া হ'ল, গতিকে অকণ দীঘলীয়া লিখিব লাগিব। আমাৰ শৰীৰ হৈছে সৃষ্টিকৰ্তা ৰ এক বিস্ময়কৰ সৃষ্টি। আমাক আমাৰ শৰীৰে সদায় বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰে। তাৰ কাৰণে ই আমাৰ শৰীৰত প্ৰতিৰোধ ব্যৱস্থা স্বয়ং তৈয়াৰ কৰি লয়। এয়া হৈছে ৰোগ প্ৰতিৰোধী ক্ষমতা বা অনাক্ৰম‍্যতা/অসংক্রাম্যতা বা ইংৰাজীত যাক কোৱা হয় IMMUNITY। যেতিয়াই আমাৰ শৰীৰলৈ বাহিৰৰ কোনো ৰোগ সৃষ্টিকাৰী জীৱাণুৰ (Pathogen) প্ৰৱেশ ঘটে, তেতিয়াই আমাৰ তেজত থকা শ্বেত ৰক্ত কণা ই (WBC) জীৱাণু টোৰ বিপক্ষে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলে আৰু সেই জীৱাণু (PATHOGEN) টোক মাৰি পেলায়। এই প্ৰতিৰোধ ব্যৱস্থা ত থাকে প্ৰতিদেহ (Antibody), যিয়ে জীৱাণু (Pathogen)ত  থকা প্ৰতিজেন(antigen) সমূহক নিষ্ক্ৰিয় কৰি পেলায়। 

এতিয়া আহোঁ ভেকচিন (অসমীয়াত 'প্ৰতিষেধক') লৈ। ভেকচিন এ ঠিক ৰোগ সৃষ্টিকাৰী জীৱাণুৰ দৰে কাম কৰে।  বিশ্ব স্বাস্থ্য সংস্থা(WHO) ৰ মতে ভেকচিন ত থকা মৃত বা দুৰ্বল ৰোগ সৃষ্টিকাৰী জীৱাণু বা জীৱাণুৰ অংশ আমাৰ দেহত সুমুৱাই দিয়া হয়। যেতিয়াই ভেকচিন শৰীৰৰ ভিতৰলৈ সোমাই আহে(বা সংক্ৰমিত হওঁ), লগে লগে শৰীৰে এই বহিৰাগত জীৱাণুৰ ওপৰত প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলে (আচলতে আমাৰ শৰীৰে ভাৱি লয় যে সঁচাকৈ ৰোগ সৃষ্টিকাৰী জীৱাণুৰ প্ৰৱেশ ঘটিছে)। অমাৰ শৰীৰত প্ৰতিদেহ(antibody) গঠন হবলৈ আৰম্ভ কৰে। এই antibody বোৰ বহু দিনলৈ শৰীৰত থাকি যায় আৰু এটা সময়ত শেষ হয় যদিও তেজত থকা WBC এ এই ৰোগ সৃষ্টিকাৰী ANTIGEN বোৰক পাহৰি নাযায়। কোৱা যায় যে এনে antibody কিছু পৰিমানে হাড় ৰ মজ্জাত সঞ্চিত হৈ থাকে। ভৱিষ্যতে যেতিয়াই উক্ত ৰোগৰ জীৱাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে বা আমি সংক্ৰমিত হওঁ, তেতিয়াই antibody গঠন হয় যায়। এনেদৰে ভেকচিন এ আমাক বেমাৰৰ পৰা ৰক্ষা কৰে।

কোভিড১৯ ত প্ৰাকৃতিক ভাৱে আমি সংক্ৰমিত হোৱা আৰু ভেকচিন লোৱা

    এতিয়া আহোঁ কোভিড ১৯ ৰোগলৈ। এই ৰোগৰ জীৱাণু কোৰোনা ভাইৰাছে যেতিয়া আমাৰ দেহত প্ৰাকৃতিক ভাৱে প্ৰৱেশ কৰে বা ইয়াৰ দ্বাৰা আমি যেতিয়া সংক্ৰমিত হওঁ তেতিয়া  আৰু যেতিয়া এই কোভিড ১৯ৰ প্ৰতিষেধক(ভেকচিন vaccine) আমি নিজেই লওঁ(কোভিড ১৯ৰ সংক্ৰমণ ৰ পূৰ্বেই) এই দুয়োটা পৰিস্থিতিতেই এই ৰোগৰ বিৰুদ্ধে আমাৰ শৰীৰত antibody গঠন হয়। দুয়োটা পৰিস্থিতিত উৎপন্ন হোৱা antibody ৰ মাজত পাৰ্থক্য নাই। প্ৰথম পৰিস্থিতিত আমাৰ শৰীৰ প্ৰকৃত, জীৱিত আৰু সক্ৰিয়  কোৰোনা ভাইৰাছ ৰ মুখামুখি হয় আৰু দ্বিতীয় পৰিস্থিতিত মৃত বা নিষ্ক্ৰিয় কোৰোনা ভাইৰাছ বা ইয়াৰ এটি অংশৰ সৈতে মুখামুখি হয়। দুয়ো ক্ষেত্ৰত কিন্তু antibody গঠন হয়।

SARS Cov 2 B117
SARS Cov 2 B117(yellow dots) in a human cell. photo credit The Nature,  National Institute of Health

কোভিড ভেকচিন লোৱাৰ কিমান দিনৰ পিছত আমাৰ শৰীৰত antibody গঠন হয়?

 লণ্ডন ত চলোৱা আৰু The Guardian ত 18 may 2021ত প্ৰকাশিত এক অধ্যয়ন মতে প্ৰথম পালি প্ৰতিষেধক লোৱা 8517 জন ব্ৰিটিছ নাগৰিকৰ মাজৰ ৯৬.৪২% জনৰ দেহত ২৮ ৰ পৰা ৩৪ দিনৰ ভিতৰত এন্টিবডী বিকশিত হৈছিল। অন্যহাতে সেই কেইজন মানুহৰ ৯৯.০৮% ৰ দেহত দ্বিতীয় পালি টীকা লোৱাৰ ১৪ দিনৰ ভিতৰত এন্টিবডী গঠন হৈছিল।


কোভিড১৯ ৰ প্ৰতিদেহ(antibody) আমাৰ শৰীৰত কিমান দিনলৈ থাকিব?

  ক'ভিড১৯ একেবাৰে নতুন বেমাৰ। ২০১৯ ৰ নৱেম্বৰ মাহৰ পৰা এতিয়ালৈকে প্ৰায় ডেৰ বছৰ মান হৈছেহি। গতিকে ইয়াৰ আচৰণ সম্পৰ্কে বিজ্ঞানীসকল এতিয়াও অধ্যয়নৰত। এই ভাইৰাছ খুব সোনকালে উৎপৰিবৰ্তিত(মিউটেছন, Mutation, Mutate) হৈ নতুন নতুন প্ৰকাৰৰ কোৰোনা ভাইৰাছ ওলায়েই আছে। উদাহৰণ স্বৰূপে ভাৰতত 2য় টো ঢৌত দেখা দিয়া ভাইৰাছ যাৰ নাম WHO এ দিছে DELTA। আকৌ ভেকচিন দিয়া প্ৰক্ৰিয়া(Vaccination, অসংক্ৰাম্যকৰণ বা টিকাকৰণ) আৰম্ভ হৈছে  অতি শেহতীয়াকৈ। এনে পৰিস্থতিত যি কেইটা ভেকচিন এতিয়ালৈকে উদ্ভাৱন কৰি ব্যবহাৰ আৰম্ভ কৰা হৈছে সেই ভেকচিন সমূহৰ প্ৰভাৱ কিমান বা টিকাকৰণৰ পিছত আমাৰ দেহত antibody ৰ অৱস্থিতি কিমান দিনলৈ থাকিব সেয়া এতিয়াও অধ্যয়নৰত অৱস্থাত । তথাপিও

Pfizer vaccine
Pfizer vaccine


Pfizer নামৰ ভেকচিন উৎপাদনকাৰী সংস্থা ৰ মতে, তেওঁলোকৰ mRNA প্ৰযুক্তিৰ ভেকচিন এ আমাৰ দেহক ছয় মাহ লৈকে কোভিদ ১৯ ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰে। এয়া দ্বিতীয় পালি টীকা লোৱাৰ পিছত। এই ফলাফল তেওঁলোকে কৰা তৃতীয় খেপ ৰ পৰীক্ষণৰ পিছত ১ এপ্ৰিল ২০২১ প্ৰকাশ কৰিছিল। আনহাতে  ইণ্ডিয়া টুডে ত প্ৰকাশ পোৱা এটা লিখনিত AIIMS ৰ এটা অধ্যয়নৰ আঁত ধৰি কোৱা হৈছে যে যিসকল লোক ভেকচিন লোৱাৰ পিছত কভিদ১৯ ৰোগত আক্ৰান্ত হৈছিল তেওঁ লোকৰ এজনো মৃত্যুমুখত পৰা নাই। এই অধ্যয়ন বিগত APRIL-MAY 2021 ত কৰা হৈছিল।

আকৌ যিসকল লোক এবাৰ কভিদ ১৯ ৰোগত ইতিমধ্যে আক্ৰান্ত হৈছে, তেওঁলোকৰ ক্ষেত্ৰত একা? কাৰণ সংক্ৰমিত হোৱাৰ পিছত তেওঁৰ শৰীৰত ANTIBODY সৃষ্টি হৈছে। এতেকে তেওঁৰ প্রতিদেহ কিমান দিনলৈ থাকিব? বিখ্যাত বিজ্ঞান আলোচনী THE LANCET ত প্ৰকাশিত, ডেনমাৰ্ক ত ২০২০ চনত সম্পাদন কৰা এটা অধ্যয়ন মতে এবাৰ কভিদ ১৯ সংক্ৰমিত ব্যক্তি এজনে ৩ৰ পৰা ৬ মাহলৈ ৮০.৫% সুৰক্ষা পায়। অৰ্থাৎ আমাৰ শৰীৰত যদি আজি কোৰোনা ভাইৰাছ(SARS Cov 2)ৰ অৱস্থিতি ধৰা পৰে তেন্তে অহা তিনিৰ পৰা ছয় মাহলৈকে আমাক আকৌ এই কভিদ১৯ বেমাৰ হোৱাৰ সম্ভাৱনীয়তা ৮০.৫% কম । অৰ্থাৎ ৩ৰ পৰা ৬মাহ লৈকে আমি ৮০.৫% সুৰক্ষিত।


সামৰণি:

  এই লিখনি লিখি থকা সময়লৈকে গোটেই বিশ্বতে কোভিড ১৯ আক্ৰান্তৰ সংখ্যা ১৭ কোটি ৫৩ লাখতকৈ অধিক; অন্যহাতে এই ৰোগৰ ফলত মৃত্যুমুখত পৰা লোকৰ সংখ্যা ৩৭ লাখ ৯২ হেজাৰতকৈ অধিক। অকল ভাৰতত ৩.৭ লাখত কৈ অধিক মানুহৰ মৃত্যু হৈছে। গতিকে এনে এক ভয়ংকৰ বেমাৰৰ পৰা হাত সাৰিবলৈ অকল সাৱধানতাই যথেষ্ট নহয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্বৰ বিজ্ঞানী সকল ২০২০ চনৰ প্ৰথম ভাগৰ  পৰাই ভেকচিন উদ্ভাৱন কাৰ্যত ব্ৰতী হৈছিল আৰু ২০২০ চনৰ ডিচেম্বৰ মাহত কোভিডৰ প্ৰথম টো ভেকচিন দিয়া হয় ইংলেণ্ড ৰ এগৰাকী ৯৫ বছৰীয়া আইতাক। তাৰ পিছৰ পৰা বিশ্বৰ প্ৰতিখন দেশতেই কভিদ ১৯ ৰোগৰ বিৰুদ্ধে টিকাকৰণ কৰা হৈ আছে । এতিয়ালৈকে প্ৰকাশিত বিভিন্ন অধ্যয়ন বোৰৰ পৰা জনা যায় যে ভেকচিন লোৱা মানুহ এই বেমাৰত পৰি মৃত্যুমুখত পৰা সম্ভাৱনা একেবাৰে ক্ষীণ। গতিকে কভিদ ১৯ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিষেধক লওক, কুশলে থাকক।

Comments

Popular posts from this blog

কৰোনা ভাইৰাছ (Corona Virus) কি? ইয়াৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি?