কৰোনা ভাইৰাছ (Corona Virus) কি? ইয়াৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি?

 আজি কৰোনা ভাইৰাছ এ সমগ্ৰ বিশ্বতে তোলপাৰ লগাই আছে। যিকোনো জেগাতে দুজন মানুহ লগ হলেই চর্চাৰ মুখ্য বিষয় হয়গৈ কৰোনা। সমগ্ৰ বিশ্বত  ৪.৫ কোটিতকৈ অধিক মানুহক আক্ৰান্ত কৰা আৰু প্ৰায় 12 লাখ মানুহৰ প্ৰাণ হৰণ কৰা এই কৰোনা ভাইৰাছ ৰ বিষয়ে এতিয়াও গৱেষণা চলিয়েই আছে।  সম্পূৰ্ণ তথ্য এতিয়াও পোহৰলৈ আহিবলৈ বাকি। অসমতো এই ভাইৰাছ বৰ বেয়াকৈ শিপাইছে। যি দেখা গৈছে চহৰতকৈ গাওঁত হে ইয়াৰ প্রকোপ বেছি হৈ আছে। আহক থোৰতে জানি লওঁ কৰোনা ভাইৰাছ কি, কেনেকৈ ই মানুহৰ মাজত বিয়পে আৰু ইয়াৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি।

What is Corona Virus?
What's Corona Virus?


 এই লিখনিত আপুনি কি কি পঢ়িবলৈ পাব:

  • কৰোনা ভাইৰাছ কি?
  •  কৰোনা ভাইৰাছৰ দ্বাৰা হোৱা  বেমাৰৰ লক্ষণ কি?
  • কৰোনা ভাইৰাছ কেনেকৈ বিয়পে 
  • কোভিড 19 ৰ পৰা নিজক কেনেকৈ      ৰক্ষা কৰিব পাৰি                                                              

কৰোনা ভাইৰাছ কি? 

 কৰোনা হৈছে এক ধৰণৰ ভাইৰাছ। Corona Virus নামটো আহে ইয়াৰ লেটিন নাম corona ৰ পৰা যাৰ অৰ্থ হৈছে "crown" মানে মুকুট। কৰোনা ভাইৰাছ ৰ ছবিত যে ৰঙা হালধীয়া কাঁইট ৰ দৰে গঠন দেখা যায় সেইবিলাককেই বোধহয় মুকুট বোলা হৈছিল। এই নামটো প্ৰথম দিয়ে June Almeida আৰু David Tyrrell এ 1968 চনত 'নেচাৰ' (Nature) নামৰ আলোচনী এখনত। 1971 চনত ভাইৰাছ নামাকৰণৰ আন্তঃৰাষ্ট্ৰীয় সমিতি য়ে (International Committee on Taxonomy of Viruses) এই নামক স্বীকৃতি দিয়ে।

B117 TYPE SARS Cov 2 virus
এটা মানৱ কোষত B117 ধৰণৰ কৰোনা ভাইৰাছ (হালধীয়া ৰঙত)


   এই ভাইৰাছ বিধৰ বহু প্ৰজাতি আছে আৰু ইহঁতে স্তন্যপায়ী আৰু পক্ষী কূল ক সংক্ৰমিত কৰি বেমাৰ কৰায়। ইহঁত Coronaviridae পৰিয়ালৰ ভাইৰাছ। এই পৰিয়ালটো চাৰিটা বৰ্গত বিভক্ত, যথা: Alphacoronavirus, Betacoronavirus, Gammacoronavirus আৰু Deltacoronavirus। ইয়াৰে Betacoronavirus  বৰ্গৰ অন্তৰ্গত বহুকেইটা প্ৰজাতিৰ কৰোনা ভাইৰাছ ৰ মাজৰ এটা প্ৰজাতি হৈছে SARS Cov 2(Severe Acute Respiratory Syndrome CoronaVirus 2)  আৰু আজি আমি ত্ৰাহি মাধুসুধন দেখা কৰোনা ভাইৰাছ বিধৰ নামেই হ'ল SARS Cov2। অন্য হাতে এই SARS Cov 2 এ সৃষ্টি কৰা ৰোগবিধ হৈছে COVID 19 (COronaVIrusDisease 2019)। ইয়াত মন কৰিবলগীয়া কথাটো হৈছে বেমাৰৰ নাম আমি সাধাৰণতে কোৱা 'কৰোনা' নহয়, কৰোনাই সৃষ্ট কৰা বেমাৰৰ নাম হ'ল কোভিড 19 হে। 

কৰোনা ভাইৰাছৰ দ্বাৰা হোৱা  বেমাৰৰ লক্ষণ কি?

    কোভিড 19 ৰ লক্ষণ বোৰ এজন সুস্থ-সবল মানুহৰ শৰীৰত সাধাৰণতে পানীলগাৰ দৰে একেই। কিন্তু মানুহ ভেদে ইয়াৰ লক্ষণ বেলেগ বেলেগ দেখা দি আছে। ডায়েৰিয়া, বমি, দেহৰ বিষ, মূৰ ৰ বিষ ইত্যাদি বহু ধৰণৰ লক্ষণে দেখা দিয়ে। এতিয়া লৈকে দেখা গৈছে যে প্ৰায় 80% আক্ৰান্তৰ  চিকিৎসালয় নোযোৱাকৈ এই ৰোগ নিৰাময় হয়। কিন্তু আক্ৰান্ত মানুহজন যদি ৰুগীয়া প্ৰকৃতিৰ বা তেওঁ পূৰ্বৰে পৰা কিবা বেমাৰত ভুগি আছে নতুবা তেওঁৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা কম তেন্তে তেওঁৰ ক্ষেত্ৰত অন্য বহু জটিলতাৰ লগতে উশাহ লব নোৱাৰা হয়। কাৰণ এই ভাইৰাছ বিধে বিশেষকৈ ৰোগ প্ৰতিৰোধ কৰিব নোৱাৰা মানুহৰ শ্বাসনলী আৰু হাওঁফাওঁ ত আক্ৰমণ কৰে। যদিহে ততালিকে  কৃত্ৰিম ভাৱে অক্সিজেন যোগান  ধৰা নহয় তেন্তে আক্ৰান্ত জন মৃত্যু মুখত পৰাৰ সম্ভাৱনা খুব বেছি। এই কাৰণেই এই বেমাৰটো অতি ভয়ংকৰ। ৰোগ চিনাক্ত হোৱাৰ আগতেই আক্ৰান্ত জন মৃত্যুমুখত পৰিব পাৰে। গতিকে সাধাৰণ পানীলগা বুলি ভাবি আমি ইয়াক অৱহেলা কৰিব নালাগে। 

কৰোনা ভাইৰাছ(SARS COV2) কেনেকৈ বিয়পে:

   সাধাৰণতে এই ভাইৰাছ বিধ আক্ৰান্ত মানুহ এজনে হাঁচিয়াওঁতে বা কাহোঁতে মুখৰ পৰা নিৰ্গত হোৱা সৰু সৰু পানীৰ কণিকাত বাহিৰৰ পৰিৱেশলৈ আহে আৰু সেই স্থানত থকা মানুহক সংক্ৰমিত কৰে নাইবা তেওঁৰ দেহত লাগি ধৰে আৰু যেতিয়াই মানুহ জনৰ সংক্ৰমিত হাতেৰে নাক/মুখ/কান স্পৰ্শ কৰে তেতিয়াই ভাইৰাছ তেওঁৰ দেহৰ ভিতৰলৈ সোমাই যায়। এইদৰেই ই ইজনৰ দেহৰ পৰা সিজনৰ দেহলৈ বিয়পে।  আক্ৰান্ত জনৰ মুখৰ পৰা ওলোৱা সময়ত ই বতাহত বেছি দূৰলৈ নাযায় বুলি কোৱা হয় যদিও বিজ্ঞানী মহল এই বিষয়ত একমত্ নহয়। কিছুমান গৱেষণাত এনে পানীৰ কণিকা বতাহত 3 ফুট দূৰলৈ যায় বুলি কোৱা হৈছে যদিও আন কিছুমানত আকৌ এই দূৰত্ব 6 ফুট বুলি কৈছে। SARS COV2 ভাইৰাছ ৰ আকাৰ তুলনামূলক ভাৱে ডাঙৰ হোৱা বাবে ই বতাহত বেছি সময়লৈ নাথাকে, তললৈ সৰি পৰে। সৰি পৰা জেগা ডোখৰ টেবুল/চকী অন্য যি কোনো মজিয়া হব পাৰে। মজিয়া ভেদে এই ভাইৰাছ ভিন ভিন সময়লৈ জীয়াই থাকে।  এজন মানুহৰ দেহত এই SARS COV 2 ভাইৰাছ বিধে আক্ৰান্ত হোৱাৰ 14 দিনৰ ভিতৰত লক্ষণ দেখুৱাই। 

কৰোনা ভাইৰাছ(SARS COV 2) ৰ পৰা নিজক কেনেকৈ ৰক্ষাৰ উপায়:

   মাত্ৰ দুই উপায়ে ইয়াৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। উপায় হৈছে সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰা আৰু ভেকচিন লোৱা।  এটা উদাহৰনেৰে  জানোঁ আহক কিয় মাস্ক পৰিধান কৰিব লাগে আৰু সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। ধৰা হ'ল আপুনি বাছ আস্থানলৈ গৈছে, মানুহৰ সমাগম যথেষ্ট আছে আৰু আপুনি মাস্ক পৰিধান কৰা নাই; সেইখিনি মানুহৰ মাজত এজন মানুহ কোভিড 19 ৰোগী যিয়ে নাজানে যে তেওঁ এজন কোভিড19 ৰোগী। দূৰ্ভাগ্যবশত: ৰোগী জনেও মাস্ক পৰিধান কৰা নাই। মানুহৰ ঘনত্ব বেছি, এজন মানুহৰ পৰা আনজনৰ দূৰত্ব খুব বেছি দুফুট মানহে হব। এই অৱস্থাত যদি মানুহজনে হাঁচিয়ায় তেন্তে আপোনাৰ লগতে তেওঁৰ ওচৰে পাজৰে থকা মানুহ খিনিৰ দেহলৈ ভাইৰাছ নি:সন্দেহে যাব। ইয়াত আপোনাৰ হাত সৰাৰ এটাই উপাই আছে, সেয়া হৈছে সেই স্থানত যদি আপুনি মাস্ক পৰিধান কৰে তেন্তে অন্ততঃ আপোনাৰ নাক বা মুখেদি ভাইৰাছ নুসুমুৱাৰ গেৰাণ্টি আছে। কিন্তু তথাপিও আপোনাৰ দেহত/কাপোৰ ত ভাইৰাছ নিশ্চয় লাগি আহিছে  কাৰণ আপুনি নিৰাপদ দূৰত্ব(6ফুট)ত অৱস্থান কৰা নাছিল। এতিয়া ঘৰৰ ভিতৰলৈ সোমোৱাৰ আগতেই কাপোৰ-কানি সলাই(ধুই), গা-পা চাবোনৰে ভালদৰে ধুই লওক। যদি হে আপুনি এনে সন্দেহ জনক স্থানত  মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব(নিৰাপদ দূৰত্ব) ও বজাই ৰাখে তেন্তে সেয়া হৈছে ৰোগ বিধৰ পৰা নিজক ৰক্ষা কৰা উত্তম উপায়। লগতে হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকক। ইয়াৰ দ্বাৰা অজানিতে যদি আপুনি দূষিত ঠাইত স্পৰ্শ কৰিছিল তেন্তে চেনিটাইজাৰে আপোনাৰ হাতত থকা ভাইৰাছ ধ্বংস কৰে আৰু আপুনি হাতেৰে নাক বা মুখ বিনাদ্বিধাই চুব পাৰিব। এতিয়া পুনৰ যাওঁ ওপৰৰ বাছ আস্থানলৈ। ভগৱানে নকৰক সেই ৰোগী জন যদি আপুনি হয়, তেতিয়া? তেতিয়াও আপুনি মাস্ক পৰিধান কৰক। মাস্ক পৰিধান কৰাৰ পিছত যদি আপুনি হাঁচিয়ায় তেন্তে আপোনাৰ মুখ নিসৃত দূষিত পানীৰ কণিকা মাস্ক তেই লাগি ধৰিব। পৰিৱেশলৈ ওলাই নাযায়। এনেদৰে আপুনি অন্য মানুহক এই বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিব। যদি আপুনি নিৰাপদ দূৰত্বত থাকে তেন্তে আৰু উত্তম। সেই কাৰণে আমাৰ প্ৰধানমন্ত্ৰীয়ে কয় 2 গজ কি দূৰী। 2 গজ মানে প্ৰায় 6 ফুট। 

ক'ভিড ভেকচিন লৈ থকা অৱস্থা


   কৰোনা ভাইৰাছ এ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰি আছে। এই লিখনি লিখি থকা সময়লৈকে বিশ্বত বহু কেইটা ভেকচিন প্ৰস্তুত হৈছে তথা এতিয়া দি থকা হৈছে । অসমতো কভিছিল্ড(Covishield) আৰু কোভেকচিন (covaxin)নামৰ দুটা ভেকচিন দি থকা হৈছে। পৰৱৰ্তী লিখনিত ভেকচিনৰ উপযোগিতা আৰু ইয়াৰ প্ৰভাৱ ৰ বিষয়ে লিখিম। আজিৰ তাৰিখত ভেকচিন লোৱা আৰু  সতৰ্কতাই হ'ল ইয়াৰ পৰা নিজকে ৰক্ষা কৰাৰ মূলমন্ত্ৰ। গতিকে ভেকচিন লবলৈ কৃপনালি নকৰিব আৰু সতৰ্ক থাকক কুশলে থাকক।


Comments

Popular posts from this blog

ভেকচিন কি? কোভিড ভেকচিনৰ প্ৰভাৱ আমাৰ শৰীৰত কিমান দিনলৈ থাকিব?